আত্মকথন
Thursday, July 21, 2011
শাৰদ: হৃষীৰাজ শৰ্মা
শৰতৰ ঠিকনা নুসুধিবা
শৰত্ এনেয়োতো আহিবই
তুমি অহা দেখিলে
নদীখনো ভটিয়াব একেলগে
তোমাৰে খোজত উখল মাখল
শেৱালীৰ শুভ্ৰ শোভা
মোৰ হৃদয়ৰ সকলো উত্সৱ
তোমাৰেই প্ৰেমৰ মণিকাঞ্চন,
সেয়াই শৰত্ নহয় যদি আৰুনো কি?
Home
Subscribe to:
Posts (Atom)